images (13)পথৰ ভিখাৰী
তুমি পথৰ ভিখাৰী;
মাথোন তোমাৰ এয়াই চিনাকি
তোমাৰ যে নাই ঘৰ বাড়ী।
পথৰ ভিখাৰী
তুমি পথৰ ভিখাৰী।
ফটা ছিঙ্গা বস্ত্ৰত
জিয়াই আছা তুমি পেলনীয়া আহাৰত;
স্বজন পৰিজন সকলোয়ে এক তোমাৰ কাৰণে
চকুলো পেলাইছা তথাপিও এয়া তুমি কাৰ কাৰণে?
ভাবে মানুহে তোমাৰ প্ৰিয় ধ্বনি
সন্মূখত থকা তোমাৰ থালিটোৰ বৰঙনি;
তোমাৰ পেটৰ জ্বালা নুবুজে তেওঁলোকে
জ্বালা তোমাৰ অন্তৰৰ নুবুজে তেওঁলোকে।
জাৰত নাই ভাল কম্বল তোমাৰ
আঁঠুয়াও নুজোৰে কপালত তোমাৰ;
যি ঈশ্বৰেই একমাত্ৰ ভৰষা তোমাৰ
তেওঁৱেই আছে সদায় লগত তোমাৰ।
সপোন তুমি দেখিছালেনে কেতিয়াবা
অট্টালিকাৰ ?
হঠাৎে বা কেতিয়াবা
শ্নেহ ভালপোৱাৰ ?
তুমিও কি পাৰা ধেমালি কৰিবলৈ
উৎসৱৰ ৰঙত নিজকে মিশ্ৰন কৰিবলৈ;
এইদৰেই যায় নেকি প্ৰতিদিন তোমাৰ
মনত নপৰেই নেকি তোমাৰ দিন তাৰিখলৈ।
তোমাৰ জীৱন তোমাৰ মৃতু্ৎ
কেতিয়াও সলনি নোহোৱা যে এক ঋতু;
তোমাৰ বেজাৰ তোমাৰ অশ্ৰু
চকুৰে মণিব নোৱাৰা এক ধুমকেতু।
পথৰ ভিখাৰী
তুমি পথৰ ভিখাৰী;
মাথোন তোমাৰ এয়াই চিনাকি
তোমাৰ যে নাই ঘৰ বাড়ী।
পথৰ ভিখাৰী
তুমি পথৰ ভিখাৰী।
_ দিনেশ কুমাৰ আচাৰ্য্য
১৮_১৯.০১.২০১৭.
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s