images (33)

সাহিত্যৰ যে দাম নোহোৱা হৈছে এতিয়া বজাৰত
পালো গম মই আজি পানবজাৰত,
এনেহে নকয় ডুবিছে ভাষা
ডুবিছে জাতি,
বুৰ গৈ আছে কলা আৰু সংস্কৃতি;
দাবীহীন হৈ যে আছে
এতিয়া অসমীয়া সাহিত্যপুথি
নাইকিয়া হ’ল মানুহ পঢ়া কবিতাপুথি।

এখন দুখনকে কৰিলো সাক্ষাৎ
সাতখন প্ৰকাশন,
“আপোনাৰ বাবে আমি দূখিঃত !
লোকচানত ভুগিছো আগৰ কিতাপ বোৰতে !
এতিয়া নাই আৰু একো মন”।
এনেদৰেই কৈ
দিলে মোক বিদায় !!
নিৰাশা দিলে মোক সচাঁয়।

বেজাৰত মন যে ভৰিছে কিমান লেখকৰ
মিহি মিহিকে আশাও বিলীন হৈছে তেওঁলোকৰ,
অসমীয়া বাতৰি কাকততহে কেৱল জিলিকি উঠে
হঠাৎে এদিন কেতিয়াবা নাম তেওঁলোকৰ।

আজিৰ প্ৰজন্মই পাহৰিছে
লক্ষ্মীনাথ, বিষ্ণু, জ্যোতি, ৰঘুনাথ দেৱক;
অসমীয়া মাধ্যমৰ বিদ্যালয়তো নাইযে
আগৰদৰে কবিতা পঢ়ি চিঞৰাৰ কাৰক।

লুপ্ত হ’ব নাই আৰু চাগে বেছিদিন
চলি যদি থাকে এইদৰেই মাতৃভাষাৰ সাহিত্য অধঃপতন,
ধ্বংস হব নবপ্ৰজন্মৰ অসমীয়া লেখক
সময়তে আকোঁৱালি নল’লে প্ৰতিভা কেইজন।

-দিনেশ কুমাৰ আচাৰ্য্য
১৫.০৭.২০১৭

Leave a comment