পাহৰিলে দিনক দিনে উমনি দিয়া

অবুঝ মৰম

উষ্ণ বুকুত থিতাপি লোৱা সীমাহীন তাপ

১১০ দিনতে অন্ত হ’ল

উঠঁৰ ভাষাৰে সজোৱা কল্পনা ৰামধেনুৰ ।

ভাৱনাৰ বাহিৰতে আছিল দুঃখ যে

উভতাই দিব তাই,

১১০ ৰাতি সাৰে থাকি

এনেকে পাহৰি মিঠা টোপনিও দিব।

হাতৰ পৰশৰে টানকে ধৰা

তাইৰ মোৰ হাত দুখন,

মোৰ আঙুলিৰে তাইৰ চুলিত লোৱা

নিস্তেজ দেহৰ অনুভূতি।

মোক দিয়া তাইৰ লাজুকীয়া স্পর্শ;

কেনেকে জনা নাছিলো

আটায়েই আছিল ১১০ দিনৰ কেইটামান মুহূর্ত।

সন্দেহহীন মই

সুখীতো নিশ্চয়েই আছে তাই,

কোনেনো পাৰে ইমান ভাৱি এৰিব নহ’লে?

তাইৰ চিন্তাত

পোৱাই নাছিল ছাগে দেখা মোৰ

সচাঁ ভালপোৱা;

নহ’লে নাছিলতো মোৰ কোনোয়েই

প্রতাৰণা।

হয় মানিছো মোৰ ক্রোধটোয়েই

দিছিল তাইক যন্ত্রনা।

“হ’ব দিয়া তুমিইয়েই কৰিবা মোক

আজীৱন শাসন,

তোমাৰ তলতে নস্তক হ’ব মোৰ সিৰ

নাই নকৰো আৰু একো জেদ

কৰা তুমি যি কৰা

লাগিলে লই লোৱা মোৰ উপৰত

চন্ডীৰুপ ধাৰণ;

কিন্তু কৰি দিয়ানা মাথোন

এবাৰ ক্ষমা

নাজাবানা এনেকে গুছি এৰি মোক

বুজানা জান”

এইষাৰ কবলইও তাই নিদিলে

ধৰ্য্যও নহ’ল তাইৰ মোক

অন্তিম বাৰলই শুনিবলয়েও;

নগ’ল ইচ্ছা জীয়াইও আছো নে

সেয়াও জানিবলেও।

– দিনেশ কুমাৰ আচার্য্য

– ৭.৭.২০২২.

Leave a comment