তোমাৰ মৰমতে পুনৰাই
দেখিলো হেৰাই যোৱা সপোন
তোমাৰ চাৱনিটোৱেই উভতাই আনিলে
সেই অন্ত হয় যোৱা হাঁহি মোৰ;
তোমাৰ স্পৰ্শত জীপাল হৈ উঠিল
দেহৰ প্ৰতিটো শিহৰণ ,
তোমাৰ আঙুলিৰ ভাঁজতে দেখা পালো
মৰহি যোৱা আবেগৰ ৰামধেনু

ধূলি লেখীয়া জীৱনৰ প্ৰতি কণাই কণাই
কেৱল চাই আছো তোমাৰেই ছবি;
উশাহে উশাহে আজি
আমোদ অনুভৱ কৰিছো,
প্রতি নিশ্বাসতে মোৰ
মিশ্ৰণ হলা যে ‘জান’ তুমি।

হেঁপাহ জগালা কিদৰে মোৰ উকা বুকুত
সৰল নহয় ক’বলে এই বাক্য;
মোৰ আত্মালে জেউতি অনা তুমি নৱপ্ৰভাত,
মোৰ চৌহদত সদায় উজ্বলি থকা
তুমি সেই সন্ধিয়াৰ জোনাক।

মোৰ উষ্ণ বুকুত মূৰ থৈ
মিছিকীয়াকে হাঁহা,
তুমি যেন অন্ত হব নিবিছৰা
মধুৰ এক নিশা;
চেনেহৰে ভৰাইছা মোৰ চকুলো
চেতনাহীন কৰি তুলিছা মোক
প্ৰেমৰে বিয়পালা মোৰ তেজ
নীৰবেই সাৱটি ধৰি।

দিনেশ কুমাৰ আচাৰ্য্য
২৩.১০.২২

Leave a comment